NEWS

Navaratri 2024: নৱৰাত্ৰিৰ ৯টা দিনত কি কি ৰঙৰ কাপোৰ পিন্ধিব, কি ৰঙে আপোনাক শুভফল দিব?

নৱৰাত্ৰিৰ প্ৰথম দিনটোৰ পৰা দশমী পূজা লৈকে কি কি পূজা কৰা হয় নৱৰাত্ৰিৰ প্রথম দিনৰ পৰা দশমী পূজালৈ মানুহে কিছু নিয়ম মানি যদি চলে তেতিয়া হ’লে ঘৰত সুখ শান্তি,আৰ্থিক উন্নতি হয়। এই সম্পৰ্কে জ্যোতিষ সম্ৰাট ৰাজীৱ শৰ্মাৰ মতে নৱৰাত্ৰিৰ প্ৰথম দিনটোত শৈল পুত্ৰী পূজা কৰা হয় আৰু শৈল পুত্ৰী পূজাৰ দিনাখন ঘি প্ৰসাদ দিলে শুভ হয় বুলি কোৱা হয়। প্ৰথম দিনা হালধীয়া কাপোৰ পৰিধান কৰিলে শুভ ফল পোৱা যায়। নৱৰাত্ৰিৰ দ্বিতীয় দিনাখন ব্ৰহ্মচাৰিনীপূজা আয়োজন কৰা হয় আৰু সন্ধিয়া চেনীৰ প্ৰসাদ দিব লাগে আৰু বগা বস্ত্ৰ পৰিধান কৰিলে ভাল। তৃতীয় দিনটো হৈছে চন্দ্ৰঘণ্টা পূজা বুলি কয় আৰু এই দিনটোত সন্ধিয়া গাখীৰৰ খীৰ বনাই তাত মিঠাই দি খালে ভাল ফল পোৱা যায়। তৃতীয় দিনটোত সোণালী কাপোৰ পৰিধান কৰিব লাগে। নৱৰাত্ৰিৰ চতুৰ্থ দিনত কুমাণ্ড মাক পূজা কৰা হয় আৰু এই দিনটোত কুমাণ্ড মাক ঘিত ভজা মালপোৱা সন্ধিয়া প্ৰসাদ হিচাপে দিব লাগে তাত অকণমান নিমখ প্ৰসাদ হিচাপে বঢ়াই দিব লাগে। এই দিনটোত কমলা বস্ত্ৰ পৰিধান কৰিলে ভাল ফল পোৱা যায়। আৰু পঞ্চম দিনটোত স্কন্ধ মাতাক পূজা কৰা হয় আৰু এই দিনত বগা কাপোৰ পৰিধান কৰিলে ভাল হয়। দুৰ্গা পূজাৰ ষষ্ঠ দিনটোত কায়ত্ৰণি ৰূপত দুৰ্গা মাক পূজা কৰা হয়। আৰু সন্ধিয়া মৌ প্ৰসাদ বঢ়াব লাগে এই দিনটোত ৰঙা ৰং শুভ কাৰক হিচাপে ধৰা হৈছে। সপ্তমী দিনটোত কালৰাত্ৰি মাক পূজা কৰা হয় আৰু কালৰাত্ৰিৰ দিনটোত নীলা ৰঙ ধাৰণ কৰিলে ভাল আৰু ‘ওম হিং সিং কালৰাত্ৰি দুৰ্গা নম্’ বুলি মন্ত্ৰ মাতিব লাগে। আৰু অষ্টমী দিনা মহাগৌৰীক পূজা কৰা হয়। এই দিনটোত নাৰিকলৰ প্ৰসাদ দিব লাগে আৰু কমলা ৰং টো শুভ কাৰক। দুৰ্গা পূজাৰ মহানৱমী দিনাখন সিদ্ধিদাত্ৰী পূজা কৰা হয়।আৰু এই দিনটোত তিলৰ প্ৰসাদ আগবঢ়াব লাগে আৰু এই দিনটোত বেঙুনীয়া ৰঙ শুভ কাৰক । আৰু সিদ্ধিদাত্তি মাতাক পূজা কৰিলে সকলো ফালৰ পৰাই সিদ্ধি হয় আৰু আসোৱা বিলাক দুৰ হয় আৰু মঙ্গল কামনা হয় আৰু দুৰ্ঘটনা ভয় ঘাট প্ৰতিঘাত নাইকীয়া হয় মনৰ পৰা ভয় ভাৱ আঁতৰি যায় সিদ্ধি দাত্তিক পূজা কৰিলে। এইবাৰ দুৰ্গা দেৱী দোলাত আহিব আৰু ঘোঁৰাত যাব এইয়া বহুত অশুভ কাৰক কিয়নো দেৱী ঘোঁৰাত গলে চতভংগ যোগ বুলি কোৱা হয়।এই সময়ত যুদ্ধ বিগ্ৰহ হোৱা বুলি কোৱা হয়,আৰু সকলো ফালৰ পৰা অশুভ বুলি কয়। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.