NEWS

এইদৰে ভুলতো নাখাব বাঁহ গাজ! বাঁহ গাজত থাকে এবিধ বিষাক্ত পদাৰ্থ!

এইদৰে ভুলতো নাখাব বাঁহ গাজ! বাঁহ গাজত থাকে এবিধ বিষাক্ত পদাৰ্থ। ঘৰৰ বাৰীতে থকা বাঁহ‌ গাজৰ আছে বহু ঔষধি গুণ। বাঁহ গাজৰ গুণাগুণৰ বিষয়ে জানিলে আপুনিও হ’ব আচৰিত। কিন্তু বাঁহ গাজত থাকে এবিধ বিষাক্ত পদাৰ্থ। কেনেদৰে খাব ঔষধি গুণ সম্পন্ন বাঁহ গাজ? বাঁহ গাজৰ গুণাগুণ আৰু উপকাৰিতাৰ সম্পৰ্কে পৰামৰ্শ আগবঢ়ায় আয়ুৰ্বেদিক চিকিৎসক ডাঃ বিশ্বজিৎ দাসে। তেওঁ উল্লেখ কৰা অনুসৰি, বিগত কেইবছৰমানৰ পৰা বাঁহ গাজৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। কিয়নো বিভিন্ন অধ্যয়নৰ পৰা জ্ঞাত হৈছে যে বাঁহ গাজত বিভিন্ন পুষ্টিকৰ উপাদান আছে। উল্লেখ্য যে কেঁচা বাঁহ গাজত এবিধ বিষাক্ত পদাৰ্থ থাকে। গতিকে কেঁচাকে বাঁহ গাজ খোৱাতো উচিত নহয়। যেতিয়া আমি বইল কৰোঁ তেতিয়া এই বিষাক্ত পদাৰ্থ বিধ নাইকিয়া হৈ যায়। বিভিন্ন ব্যঞ্জন ৰন্ধাৰ আগতে বাঁহ গাজ সদাই গৰম পানীত ভালকৈ উতলাই ল’ব লাগে। যদি আপুনি কেঁচাকে গ্ৰহণ কৰে তেতিয়া আমাৰ শৰীৰত বিষাক্ত পদাৰ্থবিধে পাৰ্শ্ব প্ৰতিক্ৰিয়া সৃষ্টি কৰে।‌ য ইপিনে পৰম্পৰাগত চিকিৎসা পদ্ধতিত বাঁহ গাজক ‘The Green Gold’ অৰ্থাৎ ‘সেউজীয়া সোণ’ বুলি অভিহিত কৰা হয়। কিয়নো বাঁহ গাজৰ বিভিন্ন ঔষধি গুণ আছে। ইয়াৰ ঔষধি গুণৰ বিষয়ে চীন আৰু জাপানৰ গ্ৰন্থত বিস্তৃতভাৱে উল্লেখ আছে। চীন আৰু জাপানৰ গ্ৰন্থসমূহত বাঁহ গাজক ‘King of forest vegetable’ বুলি উল্লেখ আছে। অৰ্থাৎ বনৰ শাক-পাচলিৰ ৰজা বুলি অভিহিত কৰা হৈছে বাঁহ গাজক। বাঁহ গাজৰ উপকাৰিতাঃ- বাঁহ গাজত কাৰ্বহাইড্ৰেড, প্ৰ’টিন, ফাইবাৰ আৰু মিনাৰেলৰ উপাদান পোৱা যায়। বাঁহ গাজত অতি কম পৰিমাণে চৰ্বী আৰু শৰ্কৰা থাকে সেইবাবে মধুমেহ ৰোগীসকলৰ বাবে প্ৰয়োজনীয় খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰা হৈছে বাঁহ গাজক। বিভিন্ন অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে বাঁহ গাজত বহু পৰিমাণে এণ্টি অক্সিডেণ্ট থাকে। আৰু এই এণ্টি অক্সিডেণ্টে আমাৰ শৰীৰত বিভিন্ন ৰোগৰ বিৰুদ্ধে যুঁজ দিবলৈ সহায় কৰে। লগতে কৰ্কট ৰোগৰ বিৰুদ্ধেও যুঁজ দিয়াত সহায় কৰে বাঁহ গাজে। তাৰোপৰি বিভিন্ন ভাইৰাছ জাতীয় ৰোগৰ পৰা হাত সাৰি থাকিবলৈ সহায় কৰে বাঁহ গাজে। বাঁহ গাজত থকা বিভিন্ন প্ৰাকৃতিক উপাদানসমূহে হৃদপিণ্ড সম্পৰ্কীয় ৰোগৰ পৰা হাত সাৰি থাকিবলৈ সহায় কৰে। আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে বাঁহ গাজে, স্মৃতি শক্তি বৃদ্ধি কৰাতো সহায় কৰে বাঁহ গাজে। গৰ্ভাশয় সংকোচনতো সহায় কৰে বাঁহ গাজে। বাঁহ গাজৰ ৰসে শৰীৰত বিষাক্ত প্ৰাণীয়ে আক্ৰমণ কৰিলে লগাব পাৰে। হাওঁফাওঁৰ কাৰ্য ক্ষমতাও বৃদ্ধি কৰে বাঁহ গাজত থকা উপাদানসমূহে। এইদৰেই বাঁহ গাজৰ বহুতো উপকাৰিতা পৰিলক্ষিত হয়। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.