NEWS

কেমেৰাৰ লেন্সৰে বিশ্ব জিনাৰ সপোন অসম কন্যাৰ!

কেমেৰাৰ লেন্সেৰে বিশ্বৰ মহাতাৰকাৰ ঐতিহাসিক মুহূৰ্ত আৱদ্ধ কৰি ৰখা ডুমডুমাৰ গিতিকা চাহ নগৰী ডুমডুমাৰ পৰা পেৰিছলৈ যাত্ৰা কৰা এগৰাকী অসমীয়া যুৱতীৰ। কেমেৰাৰ লেন্সেৰে বহু বিশ্বৰ মহাতাৰকাৰ ঐতিহাসিক মুহূৰ্ত আৱদ্ধ কৰি ৰখা ডুমডুমাৰ গিতিকা। এগৰাকী অসমীয়া যুৱতীয়ে হাতত এটা কেমেৰা লৈ বিশ্বৰ বহু তাৰকা-মহাতাৰকা,ৰথী -মহাৰথীৰ লগতে অলেখ ঐতিহাসিক মুহূৰ্তৰ ফটো উঠাই ঘূৰি ফুৰে পৃথিৱীৰ অনেক দেশ। ৰ’দ বৰষুণ নেওচি কৰ্তব্যনিষ্ঠাৰে কৰি যায় কেৱল কাম আৰু কাম। তিনিচুকীয়া জিলাৰ ডুমডুমাৰ নগৰত এসময়ত নৃত্য আৰু গীতৰ বাবে সকলোৰে এখন পৰিচিত মুখ হৈ পৰিছিল যুৱতী গৰাকী। ডুমডুমাৰ কেন্দ্ৰীয় বিদ্যালয়, ডুমডুমা মহাবিদ্যালয়তে গ্ৰহণ কৰিছিল শিক্ষা জীৱনৰ আদিপাঠ। ডুমডুমাৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ পৰিছিল প্ৰতিভাধাৰী যুৱতী গৰাকী। ইয়াৰ পাছত যেন এই যুৱতী গৰাকী থমকি ৰ’ব ল’গা হোৱা নাই। এই যুৱতী গৰাকী হৈছে শেহতীয়াকৈ সামাজিক মাধ্যমত,সংবাদ মাধ্যমত চৰ্চিত হৈ থকা গিতিকা তালুকদাৰ। শেহতীয়াকৈ, পেৰিছ অলিম্পিক গেমছ-২০২৪লৈ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটী (আই’চি)ৰ পৰা প্ৰত্যক্ষ স্বীকৃতি লাভ কৰিছে গীতিকা তালুকদাৰে। ইয়াৰ পূৰ্বে ২০২১ চনত অনুষ্ঠিত টকিঅ’ অলিম্পিকতো অংশগ্ৰহণ কৰিছিল গীতিকাই। আনফালে অষ্ট্ৰেলিয়াৰ ফিফা মহিলা বিশ্বকাপ, নিউজিলেণ্ডৰ ফিফা মহিলা বিশ্বকাপ, কাটাৰ ফিফা বিশ্বকাপ, ফিফা ফ্ৰান্স মহিলা বিশ্বকাপ, ৰাছিয়া ফিফা বিশ্বকাপ, লণ্ডন আইচিচি ক্ৰিকেট বিশ্বকাপ, আইপিএল, কমনৱেলথ গেমছ, দক্ষিণ এছিয়ান গেমছ আদিত অংশগ্ৰহণ কৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। ২০১১ৰ পৰা ধাৰাবাহিকভাৱে ভাৱে কৰা শ্ৰম আৰু সাধনাৰ বলত গীতিকা তালুকদাৰ আজি এনেদৰে সাফল্যৰ উচ্চ শিখৰত l এসময়ৰ ডুমডুমাৰ নিৱাসী অসমীয়া যুৱতীগৰাকীৰ এনে বিৰল কৃতিত্বৰ বাবে ডুমডুমাৰবাসী ৰাইজ, তিনিচুকীয়া জিলাবাসী আজি গৌৰৱান্বিত হৈ পৰিছে। গিতিকাৰ এই ভাল খবৰৰ পিছতেই ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালই আনন্দতে সংবাদ মাধ্যমৰ সন্মুখত ব্যক্ত কৰে ‘‘এনেদৰে, ভাৰতবৰ্ষৰ প্ৰথম আৰু একমাত্ৰ মহিলা ফটোগ্ৰাফাৰ হিচাপে, ‘পেৰিছ অলিম্পিক গেমছ-২০২৪’ ত বাতৰি পৰিৱেশনৰ বাবে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ পৰা প্ৰত্যক্ষ স্বীকৃতি লাভ কৰা অসম কন্যা-অসম গৌৰৱ গীতিকা তালুকদাৰক আমি ডুমডুমা তথা তিনিচুকীয়াবাসী অতিকৈ আনন্দিত আৰু উৎফুল্লিত হৈ পৰিছো। ডুমডুমা মহাবিদ্যালয়ৰ পৰা কলেজীয়া শিক্ষা সমাপ্ত কৰি,পৰৱৰ্তী সময়ত গুৱাহাটীত শিক্ষা গ্ৰহণ কৰি সাংবাদিকতাক বৃত্তি হিচাপে লোৱা গীতিকা তালুকদাৰ ডুমডুমা নগৰৰ মোৰ নিজ গৃহৰ সমীপতেই পিতৃ-মাতৃ ও দুই ভাতৃ-ভগ্নীৰে এক পৰিয়ালসহ, তেখেতসকলৰ নিজা গৃহত বহু বছৰ ধৰি বস-বাস কৰিছিল আৰু তেখেত এগৰাকী দক্ষতা সম্পন্ন নৃত্য ও কন্ঠ শিল্পী হিচাপেও নগৰখনত পৰিচিত আছিল। গতিকে, কৰ্মৰ তাগিদাত ইয়াৰ পৰা অগ্ৰসৰ হোৱা, বহু-গুন সম্পন্ন এইগৰাকী ডুমডুমাৰ জীয়ৰী গীতিকা তালুকদাৰৰ এই বিশাল কৃতিত্বই ডুমডুমাবাসী হিচাপে আমাকো অতি সুখী আৰু গৌৰৱান্বিত কৰিছে।’’ None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.