NEWS

অৱসৰ বিনোদনৰ বাবে অন্যতম স্থান হৈ উঠিছে শিৱসাৰৰ গেলেকী Eco Park, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ এই ঠাইলৈ আহিব পাৰে আপুনিও

অসমৰ ভিতৰতে ধুনীয়া ঠাই গেলেকী Eco Park প্ৰাকৃতিক সৌন্দৰ্যৰ ক্ষেত্ৰত দেশৰ ভিতৰতে উত্তৰ পূৰ্বাঞ্চল যথেষ্ট আগবঢ়া তাৰ ভিতৰত। অন্যতম ৰাজ্য হৈছে অসম। এইখন অসমৰে শিৱসাগৰ জিলাৰ গেলেকী Eco Parkৰ সৌন্দৰ্যই সকলোকে আকৰ্ষিত কৰিছে। অসমৰ বিভিন্ন স্থানৰ পৰা এই পাৰ্কলৈ ৰাইজ অহা পৰিলক্ষিত হৈছে। অসম- নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল হিচাপে প্ৰাকৃতিক পৰিৱেশৰ ক্ষেত্ৰত গেলেকী অন্য ঠাইৰ তুলনাত যথেষ্ট সুন্দৰ তথা আগবঢ়া। তাৰ মাজতে গেলেকী চাহ-বাগিচা কৰ্তৃপক্ষৰ উদ্যোগত গঢ় লৈ উঠা Eco Parkয়ে গেলেকীৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰিছে। অসমৰ অন্যান্য সুন্দৰ স্থানসমূহৰ ভিতৰত অন্যতম হৈ পৰিছে গেলেকী Eco Park। গেলেকী চাহ বাগিচা কৰ্তৃপক্ষই গ্ৰহণ কৰা এনে ব্যতিক্ৰমী পদক্ষেপৰ বাবেই বৰ্তমান পৰ্যটনৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিছে এই সীমান্তবৰ্তী অঞ্চলটো। গেলেকী সংৰক্ষিত বনাঞ্চলৰ কাষতে গঢ় লৈ উঠা Eco Park লৈ বৰ্তমান সময়ত প্ৰতিটো দিনতে যথেষ্ট লোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। অন্যান্য চাহ-বাগিচাৰ তুলনাত পৃথক চিন্তাৰে আগবঢ়া গেলেকী চাহ-বাগিচা কৰ্তৃপক্ষই সৃষ্টি কৰা Eco Parkত নৌকা বিহাৰৰো ব্যৱস্থা কৰিছে। য’ত পৰিয়ালৰ সৈতে নাওৰ ওপৰত উঠি পাৰ্কৰ মাজেৰে যোৱা দীঘলীয়া পুখুৰী কেইটাত নাও চলাই পাৰ্কৰ পৰিৱেশ উপভোগ কৰিব পাৰে। ইয়াৰোপৰি Eco Park ৰ এটি বিশেষত্ব আছে যে ইয়াত কোনেও মাদক দ্ৰব্য সেৱন কৰিব নোৱাৰে। ইয়াত সম্পূৰ্ণৰূপে মাদক দ্ৰব্য নিষিদ্ধ কৰা হৈছে। যাতে ইয়াত কোনোধৰণৰ উচ্ছৃংশল পৰিৱেশ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চাহ বাগিচা কৰ্তৃপক্ষই এই ব্যৱস্থা গ্ৰহণ কৰিছে। জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ অসমখন যথেষ্ট ধুনীয়া যদিও বৰ্তমান সময়ত পৰিৱেশ প্ৰদূষণৰ বাবে বহু সমস্যা সৃষ্টি হৈছে। এই সমস্যা সমূহ সমাধান কৰিবৰ সকলোৱে প্ৰকৃতিক ৰক্ষা কৰাৰ স্বাৰ্থত কাম কৰা উচিত। এই উদ্দেশ্যৰেই গেলেকী চাহ- বাগিচা কৰ্তৃপক্ষই বিভিন্ন গছ-পূলি ৰোপণ কৰি Eco Parkখন গঢ়ি তুলিছে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.