NEWS

Jorhat News: এটি আধ্যাত্মিকতাপূৰ্ণ শৈক্ষিক পৰিৱেশ, নাই কোনো কোলাহল-কৃত্ৰিমতা, যোৰহাটতে আছে এই পুণ্যভূমি

নান্দনিক, আধ্যাত্মিক পৰিৱেশৰ মাজত থকা এটি জ্ঞান মন্দিৰ৷ নান্দনিক তথা সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশৰ মাজত থকা এটি জ্ঞান মন্দিৰ৷ এই শিক্ষানুষ্ঠানৰ এফালে যদি আছে ভকতিৰ অমৃত সৰোবৰ,আনফালে আকৌ আছে সেউজীয়াৰ অকৃত্ৰিম দলিচা৷ আনতকৈ বহু পৃথক, ব্যতিক্ৰম এই শিক্ষানুষ্ঠানখন৷ যোৰহাট টীয়কস্থিত আউনীআটী সত্ৰৰ পৱিত্ৰ চৌহদৰ ভিতৰত অংকুৰিত হোৱা জ্ঞানবৃক্ষৰ এই বীজটিক লৈ আশাবাদী শিক্ষক, শিক্ষাৰ্থী তথা জ্ঞানৰ প্ৰতিজন সাধক৷ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামীৰ আশীৰ্বাদ, প্ৰচেষ্টাত প্ৰজ্বলিত হোৱা জ্ঞানৰ বন্তিগছিয়ে পোহৰাবলৈ ধৰিছে সমগ্ৰ ৰাজ্যক৷টীয়কৰ আউনীআটী সত্ৰৰ চৌহদত গঢ় লৈ উঠা আউনীআটী বিশ্ববিদ্যালয়ত এই বৰ্ষৰ পৰা চলিছে পাঠদান৷ সমান্তৰালভাৱে ক্ষীপ্ৰগতিত চলিছে বিশ্ববিদ্যালয়খনিৰ ভৱন নিৰ্মাণৰ কাম। বিশ্ববিদ্যালয়খনৰভাৰপ্ৰাপ্ত উপাচাৰ্য, বিশিষ্ট শিক্ষাবিদ প্ৰকাশ বৰঠাকুৰে জানিবলৈ দিয়ে যে বৰ্তমান ৫১ জন শিক্ষাৰ্থীয়ে নৃত্য, গীত, লোকবাদ্যৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিছে৷ অসমীয়া আৰু সমাজতত্ত্ব বিভাগত আছে ১০ জন ছাত্ৰ-ছাত্ৰী৷ আৰু ১৬ জন কৈ গৱেষক ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন বিষয়ত চলাই আছে গৱেষণা৷ বিশ্ববিদ্যালয়খনৰ আচাৰ্যৰ মহান আসন অলংকৃত কৰিছে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীয়ে৷ আধ্যাত্মিকতা, অধ্যয়ন, জ্ঞান, স্বচ্ছতা আৰু সেউজীয়াৰ সমাহাৰেৰে ৰাজ্যৰ শৈক্ষিক সমাজত নৰূপেৰে উজ্জ্বলি উঠিছে আউনীআটী বিশ্ববিদ্যালয়৷ ছাত্ৰ-ছাত্ৰীৰ সু চৰিত্ৰ গঠন, যুৱ উশৃংখলতাক ৰোধ কৰা তথা আধ্যাত্মিক, সমাজমুখী শিক্ষাৰ যোগেদি শিক্ষাৰ্থী সকলক শুদ্ধ পথেৰে আগুৱাই লৈ যোৱাত এই শিক্ষানুষ্ঠানভাগিয়ে মুখ্য ভূমিকা গ্ৰহণ কৰিব বুলি বিশ্বাসী ৰাজ্যৰ সুধী সমাজ ৷ অসমৰ বাতৰি / খবৰ / অসম / Jorhat News: এটি আধ্যাত্মিকতাপূৰ্ণ শৈক্ষিক পৰিৱেশ, নাই কোনো কোলাহল-কৃত্ৰিমতা, যোৰহাটতে আছে এই পুণ্যভূমি Jorhat News: এটি আধ্যাত্মিকতাপূৰ্ণ শৈক্ষিক পৰিৱেশ, নাই কোনো কোলাহল-কৃত্ৰিমতা, যোৰহাটতে আছে এই পুণ্যভূমি নান্দনিক, আধ্যাত্মিক পৰিৱেশৰ মাজত থকা এটি জ্ঞান মন্দিৰ৷ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামীৰ আশীৰ্বাদ, প্ৰচেষ্টাত প্ৰজ্বলিত হোৱা জ্ঞানৰ বন্তিগছিয়ে পোহৰাবলৈ ধৰিছে সমগ্ৰ ৰাজ্যক৷টীয়কৰ আউনীআটী সত্ৰৰ চৌহদত গঢ় লৈ উঠা আউনীআটী বিশ্ববিদ্যালয়ত এই বৰ্ষৰ পৰা চলিছে পাঠদান৷ অধিক পঢ়ক … 1-MIN READ local18 Jorhat,Assam Last Updated : October 21, 2024, 10:08 pm IST Whatsapp Facebook Telegram Twitter Published By : Subham Goswami Reported By : Dipankar Tamuly সম্পৰ্কীয় বাতৰি নান্দনিক তথা সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশৰ মাজত থকা এটি জ্ঞান মন্দিৰ৷ এই শিক্ষানুষ্ঠানৰ এফালে যদি আছে ভকতিৰ অমৃত সৰোবৰ,আনফালে আকৌ আছে সেউজীয়াৰ অকৃত্ৰিম দলিচা৷ আনতকৈ বহু পৃথক, ব্যতিক্ৰম এই শিক্ষানুষ্ঠানখন৷ যোৰহাট টীয়কস্থিত আউনীআটী সত্ৰৰ পৱিত্ৰ চৌহদৰ ভিতৰত অংকুৰিত হোৱা জ্ঞানবৃক্ষৰ এই বীজটিক লৈ আশাবাদী শিক্ষক, শিক্ষাৰ্থী তথা জ্ঞানৰ প্ৰতিজন সাধক৷ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামীৰ আশীৰ্বাদ, প্ৰচেষ্টাত প্ৰজ্বলিত হোৱা জ্ঞানৰ বন্তিগছিয়ে পোহৰাবলৈ ধৰিছে সমগ্ৰ ৰাজ্যক৷টীয়কৰ আউনীআটী সত্ৰৰ চৌহদত গঢ় লৈ উঠা আউনীআটী বিশ্ববিদ্যালয়ত এই বৰ্ষৰ পৰা চলিছে পাঠদান৷ সমান্তৰালভাৱে ক্ষীপ্ৰগতিত চলিছে বিশ্ববিদ্যালয়খনিৰ ভৱন নিৰ্মাণৰ কাম। বিজ্ঞাপন বিশ্ববিদ্যালয়খনৰভাৰপ্ৰাপ্ত উপাচাৰ্য, বিশিষ্ট শিক্ষাবিদ প্ৰকাশ বৰঠাকুৰে জানিবলৈ দিয়ে যে বৰ্তমান ৫১ জন শিক্ষাৰ্থীয়ে নৃত্য, গীত, লোকবাদ্যৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিছে৷ অসমীয়া আৰু সমাজতত্ত্ব বিভাগত আছে ১০ জন ছাত্ৰ-ছাত্ৰী৷ আৰু ১৬ জন কৈ গৱেষক ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন বিষয়ত চলাই আছে গৱেষণা৷ বিশ্ববিদ্যালয়খনৰ আচাৰ্যৰ মহান আসন অলংকৃত কৰিছে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীয়ে৷ আধ্যাত্মিকতা, অধ্যয়ন, জ্ঞান, স্বচ্ছতা আৰু সেউজীয়াৰ সমাহাৰেৰে ৰাজ্যৰ শৈক্ষিক সমাজত নৰূপেৰে উজ্জ্বলি উঠিছে আউনীআটী বিশ্ববিদ্যালয়৷ ছাত্ৰ-ছাত্ৰীৰ সু চৰিত্ৰ গঠন, যুৱ উশৃংখলতাক ৰোধ কৰা তথা আধ্যাত্মিক, সমাজমুখী শিক্ষাৰ যোগেদি শিক্ষাৰ্থী সকলক শুদ্ধ পথেৰে আগুৱাই লৈ যোৱাত এই শিক্ষানুষ্ঠানভাগিয়ে মুখ্য ভূমিকা গ্ৰহণ কৰিব বুলি বিশ্বাসী ৰাজ্যৰ সুধী সমাজ ৷ বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: jorhat , local18 First Published : October 21, 2024, 10:08 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.