NEWS

SI Archana Devi : ১৩ দিনে GMCHৰ ICUৰ বিচনাত যুঁজি যুঁজি হাৰ মানিলে SI অৰ্চনা দেৱীয়ে

১৩ দিনেই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ICUৰ বিচনাত যুঁজি যুঁজি হাৰ মানিলে মহিলা উপ পৰিদৰ্শক অৰ্চনা দেৱীয়ে। গুৱাহাটীৰ সমীপতে দুটা সপ্তাহ পূৰ্বে সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে অসম আৰক্ষীৰ উপ পৰিদৰ্শকগৰাকীৰ। নিশাৰ কৰ্তব্যৰ মাজতে ঘটি গৈছিল সেই শিহৰণকাৰী পথ দুৰ্ঘটনাটো। সোণাপুৰৰ ক্ষেত্ৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন ৰৈ থকা ট্ৰাকত খুন্দা মাৰিছিল অসম আৰক্ষীৰ বিশেষ শাখাৰ পেট্ৰ’লিং বাহনখনে। সেই নিশা ভঙাগড় আৰক্ষী থানাৰ পৰা সোণাপুৰ লৈ ওলাই গৈছিল আৰক্ষীৰ বাহনখন। গাড়ীত আছিল উপ-পৰিদৰ্শক অৰ্চনা দেৱীসহ দুজন কনিষ্টবল, এগৰাকী হাবিলদাৰ। ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা বাহনখনৰ চালকৰ অসাৱধানতাৰ বাবেই যাত্ৰা পথত ঘটিছিল সেই চাঞ্চল্যকৰ দুৰ্ঘটনাটো। কৰ্তব্যৰত অৱস্থাত সেই নিশাই দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত SI অৰ্চনা দেৱীসহ দুই কনিষ্টবল, হাবিলদাৰ, চালকক ভৰ্তি কৰোৱা হৈছিল GMCHত। দিন বাগৰি যোৱাত অধিক স্বাস্থ্যৰ অৱনতি হোৱা অৰ্চনাক ভৰ্তি কৰোৱা হৈছিল ICUৰ বিচনাত। ১৩ দিন পিছত আহিল মহিলা আৰক্ষী বিষয়াগৰাকীৰ দুৰ্ভাগ্যজনক মৃত্যুৰ খবৰ। দুটা বছৰ পূৰ্বে অসম আৰক্ষীত উপ পৰিদৰ্শক হিচাপে নিযুক্ত হৈছিল অৰ্চনা। আৰক্ষী বিষয়া হৈয়ে গুৱাহাটী মহানগৰৰ ভঙাগড় আৰক্ষী থানাত কৰ্তব্য পালন কৰি গৈছিল অৰ্চনাই। কটন বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল মেধাসম্পন্ন অৰ্চনা দেৱীয়ে। ২০২২ বৰ্ষত মেঘালয়ৰ NEPAৰ শিবিৰত আৰক্ষীৰ SIৰ প্ৰশিক্ষণপ্ৰাপ্ত আছিল প্ৰয়াত অৰ্চনা। ২৮ বছৰীয়া উদ্যমী অৰ্চনাৰ মৃত্যুত শোকৰ ছাঁ পৰিছে অসম আৰক্ষীত। মঙলদৈৰ ছিপাঝাৰৰ ঘৰৰখনতো কান্দোনৰ ৰোল। সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গতে ৰখা হয় মৃত অৰ্চনাৰ নশ্বৰ দেহ। বিয়লি অসম আৰক্ষীয়ে প্ৰয়াত SI অৰ্চনা দেৱীক জনালে শেষ শ্ৰদ্ধাঞ্জলি। উঠি অহা এগৰাকী কম বয়সীয়া অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ কৰ্তব্যৰ অৱস্থাতে ঘটিল অকাল মৃত্যু। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.