NEWS

Darrang News: বুকুত হাজাৰ সপোন বান্ধি এদল ল'ৰা ছোৱালী ৰাতিপুৱাই ওলাই যায় খেলপথাৰলৈ

মনত হাজাৰ সপোন দেখি এদল লৰা ছোৱালী ওলাই যাই ৰাতিপুৱাই খেলপথাৰলৈ। মনত হাজাৰ সপোন দেখি এদল লৰা ছোৱালী ওলাই যায়ৰাতিপুৱাই খেলপথাৰলৈ। বৃহত্তৰ ৰঙামাটি অঞ্চলৰ লৰা ছোৱালীয়ে দিন ৰাতি একাকাৰ কৰি মনত হাজাৰ সপোন বান্ধি ৰাতিপুৱাই ওলাই আহে খেলপথাৰলৈ। কাৰোবাৰ যদি মনত ইচ্ছা ভাৰতীয় সেনা বাহিনীত আন কাৰোবাৰ অসম পুলিচ নাইবা কমাণ্ড বাহিনীত যাবলৈ। ঠিক তেনেকৈয়ে তেওঁলোকে প্ৰতি দিনে চলাই আহিছে শাৰীৰিক অনুশীলন। ৰঙামাটি হাইস্কুল খেলপথাৰত প্ৰতি দিনে প্ৰায় শ শ লৰা ছোৱালীয়ে দৌৰা, লং জাম্প, হাই জাম্পৰ লগতে বিভিন্ন ধৰণৰ শাৰীৰিক অনুশীলন কৰি আহিছে। আৰু প্ৰতিজন লৰা ছোৱালীৰে মনত এটাই আশা যে নিশ্চয় তেওঁলোকে যি কষ্ট কৰি আহিছে সেয়া এদিন হ’লেও সফল কৰিব পাৰিব। সেই বাবেই তেওঁলোকৰ মনত যি হাজাৰ সপোন দিঠক কৰাৰ বাবেই দিনে নিশাই তেওঁলোকে পৰিশ্ৰম কৰি আহিছে। ৰঙামাটি অঞ্চলৰ মিকু ডেকা নামৰ যুৱক জনৰ তত্বাৱধানত এই লৰা ছোৱালী সকলে শাৰীৰিক অনুশীলন কৰি আহিছে। এই অঞ্চলৰ পৰাই প্ৰতি বছৰে বহুতো লৰাই ইতিমধ্যে অসম পুলিচ,ফৰেষ্ট গাৰ্ড, ভাৰতীয় সেনা বাহিনী, চি আৰ পি এফ,আৰু বিভিন্ন ধৰণৰ চাকৰি পাবলৈ সক্ষম হৈছে একমাত্ৰ এই খেলপথাৰ খনত অনুশীলন কৰি। যোৱা কেইদিন মানৰ ভিতৰত এই খেলপথাৰ খনৰ পৰাই এজন লৰাই ইতিমধ্যে ভাৰতীয় সেনা বাহিনীত যোগদান কৰিবলৈ সক্ষম হৈছে। এই খেলপথাৰ খনক লৈ তেওঁলোকে দেখে অলেখ সপোন,সেই সপোন আগত লৈয়ে দিনে নিশাই কষ্ট কৰি আহিছে এইসকল লৰা ছোৱালীয়ে। এটা কথা যে তেওঁলোকে এই পথাৰখনক ভগবান হিচাপে মানি আহিছে। খেল পথাৰৰ এটা অংশত তেওঁলোকে নিজেই তৈয়াৰ কৰিছে এটি মন্দিৰ আৰু এই মন্দিৰত প্ৰতিদিনাই তেওঁ লোকে অনুশীলন কৰাৰ আগতে চাকি বন্তি দি লৈ তেওঁ লোকে নিজৰ নিজৰ অনুশীলন কৰে। প্ৰায় ভালুকখোৱা পাৰা, মানৈঘাট, দাৰিয়াপাৰা, কমাৰপাৰা, বৰ থেকেৰাবাৰি, কটহগুৰি, নিজ ৰঙামাটি, আদি বিভিন্ন ঠাইৰ পৰা আহি প্ৰায় শ শ লৰা ছোৱালীয়ে প্ৰতি দিনে অনুশীলন কৰে। নবেম্বৰ মাহত অসম পুলিচৰ শাৰীৰিক অনুশীলন আছে বহুতৰে আৰু সেই বাবেই সকলোৰে এতিয়া হাতত বহুত সময় নাই যিহেতু অন্তিম কঠোৰ অনুশীলনত ব্যস্ত হোৱাও দেখা গৈছে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.