NEWS

Tinsukia News: ভাৰোত্তোলনত ৪টাকৈ স্বৰ্ণ জয়েৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল তিনিচুকীয়াৰ মৈত্ৰেয়ী

৪ টা কৈ স্বৰ্ণ জয়েৰে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল তিনিচুকীয়াৰ মৈত্ৰেয়ী ৪ টা কৈ স্বৰ্ণ জয়েৰে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল তিনিচুকীয়াৰ শক্তি উত্তোলক মৈত্ৰেয়ী। কমনৱেলথ ক্লাচিক ছাব-জুনিয়ৰ পাৱাৰলিফটিঙত স্বৰ্ণজয়ী মৈত্ৰেয়ীক শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে জনালে বিশেষ সম্বৰ্ধনা। ৫ বছৰীয়া কঠোৰ পৰিশ্ৰম,অধ্যাৱসায়, দৈনিক অনুশীলনে জিলিকাই তুলিলে অসমৰ এই গৰাকী প্ৰতিভাৱান যুৱ খেলুৱৈক। শক্তি উত্তোলন প্ৰতিযোগীতাত দক্ষিণ আফ্ৰিকাত স্বৰ্ণ জয়েৰে ইতিহাসৰ পাতত নিজৰ নাম খোদিত কৰিলে শক্তি উত্তোলক গৰাকীয়ে। আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ শক্তি উত্তোলন প্ৰতিযোগীতাত এটা দুটা নহয় চাৰিটাকৈ সোণৰ পদক অৰ্জন কৰি দেশবাসীলৈ গৌৰৱ কঢ়িয়াই আনিলে তিনিচুকীয়াৰ এই গৰাকী যুৱ খেলুৱৈয়ে।কমনৱেলথ ক্লাচিক ছাব-জুনিয়ৰ পাৱাৰলিফটিঙত ৪টাকৈ সোণৰ পদক অৰ্জন কৰা এই গৰাকী খেলুৱৈৰ নাম হৈছে মৈত্ৰেয়ী বৰা। দক্ষিণ আফ্ৰিকাৰ ছান চিটীত অনুষ্ঠিত হোৱা শক্তি উত্তোলনপ্ৰতিযোগীতাখনত মৈত্রেয়ী বৰা য়ে ভাৰতক প্ৰতিনিধিত্ব কৰি আন্ত: ৰাষ্ট্ৰীয় পৰ্য্যায়ত ৱেলথ ক্লাচিক মহিলাপাৱাৰলিফটিং ৪৭ কেজি চাব জুনিয়ৰ চেম্পিয়ন‌শ্বিপত বিজয়ী হ’বলৈ সক্ষম হয়। লগতে ৪টা বিভাগ (বেঞ্চপ্ৰেছ, স্কোৱাৰ্ড ডেডলিফ,আৰু overall championship অত ৪টাকৈ সোণৰ পদক অৰ্জনকৰি অসম কন্যামৈত্রী বৰায়ে‌ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে। এনে শুভক্ষণত আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ত উজলি উঠাতিনিচুকীয়াৰ জীয়ৰী মৈত্ৰেয়ী বৰা আৰু পিতৃ প্ৰাঞ্জল প্ৰতীম বৰাক শ্ৰম মন্ত্ৰী তথা তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণে বিশেষ সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হয়। ভাৰতক প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথম গৰাকী জীয়ৰী মৈত্ৰেয়ী বৰা ৪৭ কেজি শাখাতপাৱাৰলিফটিংত মৈত্ৰেয়ী বৰায়ে স্কটলেণ্ড, ৰাছিয়া, দক্ষিণ আফ্ৰিকাক পৰাজয় কৰি ৪ টা কৈ স্বৰ্ণ পদক পাবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে। কমনৱেলথ পাৱাৰলিফটিং চেম্পিয়নশ্বিপত মৈত্রেয়ীৰ সাফল্যক বিৰল কৃতিত্বৰূপে সন্মান দেখুৱাই পাৱাৰলিফটিং ইণ্ডিয়াৰ উপ-সভাপতি তথা অসম পাৱাৰলিফটিং সংস্থাৰ চীফ টেকনিকেল ডিৰেক্টৰ-সভাপতি হিচাপে কৈলাস শৰ্মা, সাধাৰণ সম্পাদক ৰাজকুমাৰ দাস, অনুপম শর্মাই ওলগ-অভিনন্দন জনাইছে। প্রাঞ্জল প্রতিম বৰা ভাৰতীয় দলটোৰ মেনেজাৰ আছিল। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.