NEWS

গোলাঘাটৰ অকামলুৱা ঐতিহাসিক সমন্বয় ক্ষেত্ৰ বৰগুৰিৰ গৰখীয়া ভোগ, এজোপা বৰগছৰ তলত আগবঢ়োৱা হয় ভোগ

গোলাঘাটৰ অকামলুৱা সমন্বয় ক্ষেত্ৰ বৰগুৰিৰ গৰখীয়া ভোগ। গোলাঘাটৰ অকামলুৱা সমন্বয় ক্ষেত্ৰত গৰখীয়া ভোজ। পৰম্পৰাগতভাৱে প্ৰতিবছৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে গোলাঘাটৰ খুমটাই সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক সমন্বয় ক্ষেত্ৰ বৰগুৰি অকামলুৱাত অনুষ্ঠিত কৰা হয় এই ডাঙৰীয়া সকাম। এজোপা শতবৰ্ষীয়া বটবৃক্ষৰ তলত অনুষ্ঠিত হয় এই সকামভাগ। গোলাঘাটৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে এই অনুষ্ঠানলৈ। কাতি মাহৰ প্ৰথমটো দেওবাৰে সোঁত বোৱা দেখা গ’ল ভক্ত প্ৰাণ ৰাইজৰ। প্ৰবাদ অনুসৰি এই স্থানৰ বটবৃক্ষৰ তলত মনোবাঞ্ছা পূৰ্ণ অৰ্থে চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰে। লগতে মনোবাঞ্ছা পূৰ্ণ হোৱাৰ বাবে এই সকাম ভাগিলৈ এজোৰা বা এটা আমৰলিয়া হাঁহৰ লগতে কোমোৰা আগবঢ়ায়। আনুমানিক প্ৰায় দুশ বছৰ গৰকা এই অকামলুৱা সমন্বয় ক্ষেত্ৰ বৰগুৰি তলতে কাতি মাহৰ কোনো এটা দেওবাৰত সেই স্থানৰ বটবৃক্ষৰ তলতে ডাঙৰীয়া ভোগ দি সেৱা আগবঢ়ায়। এই বৰগছ জোপাৰ তলত সেৱা ধৰিলে, এগছি বন্তি জ্বলালে মনৰ আশা পূৰণ হয় বুলি এক লোকবিশ্বাস আছে। এই বিশ্বাসৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অগণন লোকৰ সমাগম ঘটে। এক প্ৰবাদ অনুসৰি, ঐতিহাসিক বৰগছ জোপাৰ তলতেই গৰখীয়া সকলে সকামভাগি আয়োজন কৰিছিল,কিন্তু ইয়াৰ গুৰুত্ব আৰু মাহাত্ম্য যেতিয়া লাহে লাহে বৃদ্ধি পালে তেতিয়াৰ পৰাই এই স্থানলৈ অগনন ভক্তৰ সমাহাৰ ঘটা পৰিলক্ষিত হৈছে। অতি উলহ-মালহেৰে আৰু আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰা এই সকাম ভাগলৈ পুৱতিনিশাৰ পৰাই ৰাইজ ভিৰ কৰে। অসমৰ বাতৰি / খবৰ / অসম / গোলাঘাটৰ অকামলুৱা ঐতিহাসিক সমন্বয় ক্ষেত্ৰ বৰগুৰিৰ গৰখীয়া ভোগ, এজোপা বৰগছৰ তলত আগবঢ়োৱা হয় ভোগ গোলাঘাটৰ অকামলুৱা ঐতিহাসিক সমন্বয় ক্ষেত্ৰ বৰগুৰিৰ গৰখীয়া ভোগ, এজোপা বৰগছৰ তলত আগবঢ়োৱা হয় ভোগ গোলাঘাটৰ অকামলুৱা সমন্বয় ক্ষেত্ৰ বৰগুৰিৰ গৰখীয়া ভোগ। আনুমানিক প্ৰায় দুশ বছৰ গৰকা এই অকামলুৱা সমন্বয় ক্ষেত্ৰ বৰগুৰি তলতে কাতি মাহৰ কোনো এটা দেওবাৰত সেই স্থানৰ বটবৃক্ষৰ তলতে ডাঙৰীয়া ভোগ দি সেৱা আগবঢ়ায় অধিক পঢ়ক … 1-MIN READ local18 Assam Last Updated : October 21, 2024, 9:14 pm IST Whatsapp Facebook Telegram Twitter Published By : Sanjay Kumar Das Reported By : Poran Deka সম্পৰ্কীয় বাতৰি গোলাঘাটৰ অকামলুৱা সমন্বয় ক্ষেত্ৰত গৰখীয়া ভোজ। পৰম্পৰাগতভাৱে প্ৰতিবছৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে গোলাঘাটৰ খুমটাই সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক সমন্বয় ক্ষেত্ৰ বৰগুৰি অকামলুৱাত অনুষ্ঠিত কৰা হয় এই ডাঙৰীয়া সকাম। এজোপা শতবৰ্ষীয়া বটবৃক্ষৰ তলত অনুষ্ঠিত হয় এই সকামভাগ। গোলাঘাটৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে এই অনুষ্ঠানলৈ। কাতি মাহৰ প্ৰথমটো দেওবাৰে সোঁত বোৱা দেখা গ’ল ভক্ত প্ৰাণ ৰাইজৰ। প্ৰবাদ অনুসৰি এই স্থানৰ বটবৃক্ষৰ তলত মনোবাঞ্ছা পূৰ্ণ অৰ্থে চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰে। লগতে মনোবাঞ্ছা পূৰ্ণ হোৱাৰ বাবে এই সকাম ভাগিলৈ এজোৰা বা এটা আমৰলিয়া হাঁহৰ লগতে কোমোৰা আগবঢ়ায়। বিজ্ঞাপন আনুমানিক প্ৰায় দুশ বছৰ গৰকা এই অকামলুৱা সমন্বয় ক্ষেত্ৰ বৰগুৰি তলতে কাতি মাহৰ কোনো এটা দেওবাৰত সেই স্থানৰ বটবৃক্ষৰ তলতে ডাঙৰীয়া ভোগ দি সেৱা আগবঢ়ায়। এই বৰগছ জোপাৰ তলত সেৱা ধৰিলে, এগছি বন্তি জ্বলালে মনৰ আশা পূৰণ হয় বুলি এক লোকবিশ্বাস আছে। এই বিশ্বাসৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অগণন লোকৰ সমাগম ঘটে। এক প্ৰবাদ অনুসৰি, ঐতিহাসিক বৰগছ জোপাৰ তলতেই গৰখীয়া সকলে সকামভাগি আয়োজন কৰিছিল,কিন্তু ইয়াৰ গুৰুত্ব আৰু মাহাত্ম্য যেতিয়া লাহে লাহে বৃদ্ধি পালে তেতিয়াৰ পৰাই এই স্থানলৈ অগনন ভক্তৰ সমাহাৰ ঘটা পৰিলক্ষিত হৈছে। অতি উলহ-মালহেৰে আৰু আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰা এই সকাম ভাগলৈ পুৱতিনিশাৰ পৰাই ৰাইজ ভিৰ কৰে। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Assam News , local18 First Published : October 21, 2024, 9:14 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.