NEWS

ৰক্তদানে আমাৰ শৰীৰত কেনেধৰণৰ প্ৰভাৱ পেলাই?

ৰক্তদানে আমাৰ শৰীৰত কেনেধৰণৰ প্ৰভাৱ পেলাই? শৰীৰৰ বাবে কিয় উপকাৰী ৰক্তদান? ৰক্তদান এটা মহান দান আমি সকলোৱে জানো। কিন্তু ৰক্তদান কৰিলে আমাৰ শৰীৰৰ কি কি উপকাৰ সাধন কৰে বা কোনসকল ব্যক্তিয়ে ৰক্তদানৰ পৰা বিৰত থাকিব লাগে আপুনি জানেনে? আজি আমি এই সম্পৰ্কে আপোনালোকক জনাব বিচাৰিছো। ৰক্তদানৰ সম্পৰ্কে পৰামৰ্শ আগবঢ়ায় আয়ুৰ্বেদিক চিকিৎসক ডাঃ বিশ্বজিৎ দাসে। তেওঁ উল্লেখ কৰা অনুসৰি, ৰক্তদানৰ দৰে মহান দান একো নাই। আমি যি ৰক্ত দান কৰো সেই এটুপি ৰক্তৰ দ্বাৰা আন এজনৰ জীৱন বচাব পাৰো। আমাৰ সমাজত একাংশ লোকৰ ভুল ধাৰণা আছে যে যদি আমি ৰক্তদান কৰো তেনেহ’লে বিভিন্ন সমস্যাৰ সন্মুখীন হয়। প্ৰকৃততে এই কথাটো সকলোৰে ক্ষেত্ৰত সত্য নহয়। কিয়নো বৈজ্ঞানিক অনুসন্ধানৰ পৰা গম পোৱা গৈছে যে যেতিয়া আমি ৰক্তদান কৰো তেতিয়া আমাৰ শৰীৰত আমি নজনাকৈয়ে বহু ধৰণৰ উপকাৰ সাধন হয়। ৰক্তদানৰ উপকাৰঃ-১/ ৰক্তদানৰ ফলত আমাৰ শৰীৰত ৰক্ত সঞ্চালনৰ মাত্ৰা বৃদ্ধি হয়। বিশেষকৈ আমি সকলোৱে জানো যে আমাৰ হৃদপিণ্ডৰ পৰাই ৰক্ত পৰিচালনা সম্পন্ন হয়। গতিকে যেতিয়া আমি ৰক্তদান কৰো সেই ৰক্ত আমাৰ শৰীৰত অধিক সুচলভাৱে চলাচল কৰিবলৈ ধৰে। আৰু ইয়াৰ ফলত আমাৰ শৰীৰত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱৰ পৰা অৰ্থাৎ ভৱিষ্যতে হ’বলগীয়া কিছুমান ৰোগৰ সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰো। বিশেষকৈ আমি হৃদপিণ্ড সম্পৰ্কীয় ৰোগৰ পৰা হাত সাৰি থাকিব পাৰো। ২/ শৰীৰত যিবিলাক বিজতৰীয়া পদাৰ্থ আছে সেই পদাৰ্থবিলাক ৰক্তদানৰ ফলত নোহোৱা হৈ যায়। যিদৰে আমি কাপোৰ ধুলে কাপোৰৰ পৰা মলিসমূহ নাইকীয়া হৈ পৰিস্কাৰ হৈ যায় ঠিক তেনেকৈ ৰক্তদান কৰিলে আমাৰ শৰীৰৰ বীজতৰীয়া পদাৰ্থসমূহ পৰিস্কাৰ হৈ যায়। তাৰ ফলত আমাৰ শৰীৰটো সুস্থ সবল হৈ থাকে। ৩/ তদুপৰি আজিৰ পৰা প্ৰায় চাৰিবছৰ পূৰ্বে এটা অধ্যয়ন কৰা হৈছিল। যিসকল ব্যক্তিয়ে অগ্নি নিৰ্বাপণ (fire brigade) কাৰ্যত নিয়োজত তেওঁলোকৰ শৰীৰত সাধাৰণতে এবিধ কেমিকেলৰ প্ৰাদুৰ্ভাৱ দেখা যায়। এই অধ্যয়নটো জুই নুমুৱা কাৰ্যত নিয়োজিত লোকসকলৰ ওপৰতে বিশেষভাৱে অধ্যয়ন কৰা হৈছিল। অধ্যয়নত এইটো প্ৰমাণিত হৈছিল যে তেওঁলোকৰ শৰীৰত PFFS নামৰ এটা পদাৰ্থ উৎপন্ন হয়। আৰু এই পদাৰ্থই শৰীৰত বিভিন্ন ধৰণৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া সৃষ্টি কৰে। আৰু ৰক্তদানৰ ফলত সেই যিটো ৰাসায়নিক পদাৰ্থ আছে শৰীৰত সেই পদাৰ্থৰ পৰিমাণ বহু পৰিমাণে হ্ৰাস পায়। উল্লেখ্য যে ৰক্তদানৰ ফলত আমাৰ শৰীৰত বিশেষ একো ক্ষতিসাধন নহয়। গতিকে সুস্থ সবল প্ৰতিগৰাকী লোকে পাৰিলে ৰক্তদান কৰিব‌ লাগে। এবাৰ ৰক্তদান কৰাৰ পাছত এজন ব্যক্তিয়ে পুনৰ ছয় মাহৰ মূৰত ৰক্তদান কৰিব পাৰে। ইপিনে কোনে ৰক্তদানৰ পৰা বিৰত থাকিব লাগে? এইসকল লোকে ৰক্তদানৰ পৰা বিৰত থাকিবঃ-যিসকল দুৰ্বল ব্যক্তি, যিসকল বয়োজ্যেষ্ঠ ব্যক্তি, যিসকলে বিভিন্ন ধৰণৰ ৰোগত ভুগি আছে, বিশেষকৈ গৰ্ভৱতী মহিলাসকলে ৰক্তদান কৰিব‌ নালাগে, শিশুসকলে ৰক্তদান কৰাৰ পৰা বিৰত থাকিব লাগে, লগতে যিসকলে নিম্ন ৰক্তচাপজনিত ৰোগত ভূগি আছে তেওঁলোকেও ৰক্তদানৰ পৰা বিৰত থাকিব লাগে।‌ None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.