NEWS

পত্নীৰ সৈতে একেখন বিছনাতে নিয়তিৰ শীতল কোলাত ঢলি পৰিল IPS শিলাদিত্য চেতিয়া!

জীৱনলৈ নামি আহিব পৰা চৰম নিঃসংগতাৰ কথা অনুভৱ কৰিয়েই জীৱনৰ পৰাই বিদায় ল’লে IPS বিষয়া তথা ৰাজ্যৰ গৃহ সচিব শিলাদিত্য চেতিয়াই। কেৰিয়াৰ সফল এজন IPS বিষয়াৰ চৰম সিদ্ধান্ত লোৱা ঘটনাই প্ৰকট কৰি তুলিলে বৰ্তমান সমাজৰ এক চৰম দুৰ্ভাগ্যজনক দিশৰো। প্ৰতিমুহূৰ্ততে মানুহৰ মাজতেই দিন অতিবাহিত কৰা গৃহ সচিব পৰ্যায়ৰ এজন বিষয়াই মনৰ মাজত লৈ ফুৰিছিল চৰম নিঃসংগতা। আনে বুজিব নোৱাৰা এই ভয়ংকৰ নিঃসংগতাৰ নিষ্ঠুৰ বহিঃপ্ৰকাশ ঘটিল এখন ব্যক্তিগত হাস্পতালৰ ICU কক্ষত। কঠিন বাস্তৱ সহ্য কৰিব নোৱাৰি নিজকে শেষ কৰি দিলে শিলাদিত্য চেতিয়াই। পত্নীৰ কৰুণ মৃত্যু আছিল শিলাদিত্য চেতিয়াৰ বাবে ভয়ংকৰ একাকীকত্বৰ নিষ্ঠুৰ ক্ষণ। পত্নীৰ মৃত্যুৰ পিছতে তেওঁৰ জীৱনলৈ আহিব পৰা অসহনীয় পৰিৱেশ পৰিস্থিতিৰ কথা অনুভৱ কৰিয়েই ছাৰ্ভিছ পিষ্টলেৰে মূৰত গুলীয়াই শেষ কৰি দিলে তথাকথিত এক সফল জীৱন। উল্লেখ্যযে দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত আছিল পত্নী আগমণি বৰবৰুৱা। সন্তানহীন শিলাদিত্য চেতিয়াই অপ্ৰাণ চেষ্টা কৰিছিল পত্নীক জীয়াই তুলিবলৈ। তাৰ বাবে অতি গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰি থকা চেতিয়াই লৈছিল চাৰি মাহ ছুটী। নেমকেয়াৰ হাস্পতালখনেই হৈ পৰিছিল IPS বিষয়াজনৰ ঘৰ সদৃশ। ইফালে নিজৰো কিছুমাহ পূৰ্বে সম্পন্ন হৈছিল মগজু টিউমাৰৰ অস্ত্ৰপচাৰ। এনে এক জটিল ক্ষণত গৃহ বিভাগৰ দায়িত্বত থকা শিলাদিত্য চেতিয়াই অনুভৱ কৰিছিল জীৱন যুঁজত হাৰি যোৱাৰ কথা। ঘনিষ্ঠ বন্ধুক জীৱন যুঁজত হাৰি যোৱাৰ কথাও ব্যক্ত কৰিছিল শিলাদিত্য চেতিয়াই। আজি তেওঁ সম্পূৰ্ণৰূপে প্ৰস্তুত হৈছিল মানসিকভাৱে। পত্নীয়ে যে আজি চিৰদিনৰবাবে বিদায় ল’ব সেই কথাও মৰ্মে মৰ্মে উপলব্ধি কৰিছিল IPS বিষয়াগৰাকীয়ে। সেয়ে লগত লৈ ফুৰিছিল উদ্দত পিষ্টল। যেতিয়াও চিকিৎসকে পত্নীৰ মৃত্যু খবৰ দিলে, আৰু বেছি সময় লোৱা নাছিল এসময়ৰ এইগৰাকী সাহসী আৰক্ষী বিষয়াই। পত্নীৰ মৃত্যুৰ ঠিক কেইমুহূৰ্তমানৰ পিছতে পিষ্টল উলিয়াই নিজকো চিৰদিনৰ বাবে বিদায় দিলে শিলাদিত্যই। যৱনিকা পৰিল এটা পৰিয়ালৰ যাত্ৰা। অন্ত পৰিল জীৱনৰ দুখ যন্ত্ৰণা আৰু নিঃসংগতাৰ অসহনীয় সময়। এনে এক পৰিস্থিতিত তেওঁৰ বাবে প্ৰয়োজন নাছিল কোনো চৰম সিদ্ধান্তৰ লিখি যোৱাৰ। শিলাদিত্য চেতিয়াৰ চৰম সিদ্ধান্তই সমাজৰ এক বিক্ষিপ্ত ঘটনা নহয়, প্ৰকৃততে আজিৰ তথাকথিত আধুনিক সমাজখনে সন্মুখীন হৈ অহা নিষ্ঠুৰ সময় আৰু নিঃসংগতাৰ বাস্তৱ আৰু কৰুণ ছবিহে। উ ল্লেখ্য যে সমগ্ৰ ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰি বিয়লি ৪ বাজি ৩২ মিনিটত নেমকেয়াৰ হাস্পতালৰ ICUত পত্নীৰ মৃতদেহৰ কাষতে গুলীয়াই নিজক শেষ কৰিছিল শিলাদিত্য চেতিয়াই। স্বয়ং গৃহসচিবৰ এনে পদক্ষেপে হাহাকাৰ লগালে ৰাজ্যৰ প্ৰশাসনতো। হাস্পতালত ভিৰ কৰিলে উচ্চ পদস্থ আৰক্ষী তথা প্ৰশাসনিক বিষয়াৰক লগতে অগনন গুণমুগ্ধই। বিগত কিছুমাহ ধৰি নেমকেয়াৰত চিকিৎসাধীন হৈ আছিল শিলাদিত্য চেতিয়াৰ পত্নী। উল্লেখ্যযে পত্নীৰ পূৰ্বে এটা বছৰতে চেতিয়াই হেৰুৱাইছিল শাহু শহুৰেকক। পিতৃ প্ৰাক্তন DIG প্ৰমোদ চেতিয়াকো কিছু বছৰ পূৰ্বে হেৰুৱাইছিল শিলাদিত্য চেতিয়াই। এনেদৰে আপোনজনক হেৰুৱাই ক্ৰমাৎ নিঃসংগ হৈ পৰিছিল IPS বিষয়াগৰাকী। শেষ সংগী হিচাপে পত্নী আছিল যদিও তেওঁৱো নিয়তিৰ শীতল কোলাত ঢলি পৰাত চৰম সিদ্ধান্ত বাছি ল’লে ৰাজ্যৰ গৃহ সচিবগৰাকীয়ে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.