NEWS

২৫ বিঘা মাটিত খেতি কৰি স্বাৱলম্বী ধনীৰাম চেতিয়া

৪ বিঘা মাটি লীজত লৈ কৃষিকৰ্ম আৰম্ভ কৰি বৰ্তমান এজন সফল খেতিয়ক হোৱা ধনীৰাম চেতিয়া জৈৱিক পদ্ধতিৰে কৃষিকৰ্ম কৰি সফল হোৱা তিনিচুকীয়াৰ এজন কৃষক। ২৫ বিঘা মাটিত উদ্যান শস্য আৰু শাক-পাচলিৰ খেতি কৰি স্বাৱলম্বী হৈছে ধনীৰাম চেতিয়া। ৪ বিঘা মাটি লীজত লৈ কৃষিকৰ্ম আৰম্ভ কৰি বৰ্তমান এজন সফল খেতিয়ক হোৱা ধনীৰাম চেতিয়া।তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ পেঙেৰী অঞ্চলৰ টেকেৰী গাঁৱৰ এজন আদৰ্শ খেতিয়ক হৈছে ধনীৰাম চেতিয়া। ২০১৩ চনৰ পৰা ঋতুকালীন শস্য আৰু ২০১৫ চনৰ পৰা উদ্যান শস্যৰ সৈতে জড়িত থকাৰ ওপৰিও গো-পালন, মৌ-পালন, মীন পালন আদিও কৰি আহিছে এগৰাকী কৃষকে। জৈৱিক পদ্ধতিৰে কৃষিকৰ্ম কৰাৰ বাবে এতিয়া বহু নিবনুৱাৰ বাবে আদৰ্শবান কৃষক হিচাপে পৰিগণিত হৈছে ধনীৰাম। ধনীৰামে উৎপাদন কৰা শাক-পাচলি তথা ফল-মূল সমূহ বিক্ৰীৰ বাবে লৈ যায় তিনিচুকীয়াৰ বজাৰলৈ। ৪ বিঘা মাটি লীজত লৈ কৃষিকৰ্ম আৰম্ভ কৰি বৰ্তমান এজন সফল খেতিয়ক হোৱা ধনীৰাম চেতিয়াই চৰকাৰ তথা কৃষি বিভাগৰ পৰা আশানুৰূপ সা-সুবিধা লাভ নকৰাৰ কথাও উল্লেখ কৰে। পদ্ধতিগতভাৱে কৃষিকৰ্ম কৰিলে খেতিৰ জৰিয়তে সফলতা লাভ কৰিব পাৰি সেই কথাও তেওঁ উল্লেখ কৰি এইক্ষেত্ৰত একাগ্ৰতা আৰু ধৈৰ্য্যৰে আগবাঢ়িব লাগিব বুলি কয় । ধনীৰামৰ বাৰীত অমিতা, নাৰিকল, জলকীয়া, নেমু, আম, কুঁহিয়াৰ আদি আছে। ধনীৰাম চেতিয়াৰ এই কৃষিক্ষেত্ৰত বিভিন্ন প্ৰকাৰে প্ৰায় ২০‐২৫ জন লোক সংস্থাপিত হৈ আছে। শূন্যৰ পৰা আৰম্ভ কৰি বৰ্তমান ২৫ বিঘা মাটিত খেতি কৰাৰ সমান্তৰালকৈ গাঁৱৰে কেইবাজনো আগ্ৰহী যুৱকক তেওঁ সংগী কৰি লৈ ১৮ বিঘাৰ ফিচাৰীত মীন পালন কৰিছে। কঠোৰ পৰিশ্ৰম আৰু চেষ্টাৰ অন্তত খেতিয়ক হিচাপে তেওঁ এক অন্য পৰিচয় লাভ কৰিছে। বৰ্তমান সময়ত ধনীৰামৰ বাৰীত থকা বিভিন্ন প্ৰজাতিৰ আম গছবোৰ লমা-লমে আম লাগিছে । কেইবাবিঘা মাটিত তেওঁ অমিতাৰ খেতিও কৰিছে। তাৰ মাজে-মাজে ৰুইছে ভোটজলকীয়া গছ । সামাজিক মাধ্যমতো তেওঁ সক্ৰিয়। ব্যৱহাৰিকভাৱে তেওঁ কৃষিকৰ্ম কৰোতে লাভ কৰা সুফলসমূহ সামাজিক মাধ্যমৰে তেওঁ ৰাইজৰ সৈতে ভাগ-বতৰা কৰি লয়। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.